¡Sorpréndeme!

পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ সকলো নাম মোহাৰি দিয়া হওক: শৃংখল চলিহা

2025-05-09 0 Dailymotion

শিৱসাগৰ: ভাৰত-পাকিস্তানৰ যুদ্ধৰ দামামা । পলে পলে বৃদ্ধি পাইছে উত্তেজনা । এনে পৰিস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো বিহু কমিটীকে ১০ মে'ৰ পিছত অনুষ্ঠিত হ'বলগীয়া বিহু অনুষ্ঠানসমূহ বাতিল কৰাৰ বাবে আহ্বান জনায় ।

মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৫ মে'ত বীৰ লাচিত সেনাৰ উদ্যোগত শিৱসাগৰত অনুস্থিত হ'বলগীয়া বিহু সন্মিলন বাতিল কৰে । এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই । লগতে বিহু সন্মিলনৰ বাবে সংগ্ৰহ কৰা পুঁজি ভাৰতীয় সামৰিক বাহিনীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্তও ঘোষণা কৰে নেতাগৰাকীয়ে ।

এই সন্দৰ্ভত চলিহাই কয়, "শিৱসাগৰ নগৰ সমিতিয়ে অহা ৩১ ব'হাগ, ১৫ মে' তাৰিখে এখন বিহু সন্মিলনীৰ আয়োজন কৰিছিলে । কিন্তু বৰ্তমান দেশৰ যি পৰিৱেশ-পৰিস্থিতি, সেই পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু নগৰ সমিতিৰ সকলোৰে আলোচনা মৰ্মে আমি বিহুখন বাতিল কৰিছো ।"

"আমি খুব সৰুকৈ বিহুখন পাতিছিলো আৰু বিহুৰ বাবে যিটো আৰ্থিক অনুদান শিৱসাগৰৰ ৰাইজে আমাক আগবঢ়াইছিলে, সেই অনুদানখিনি আমি ভাৰতীয় সেনাৰ পুঁজিত আগবঢ়াম বুলি সিদ্ধান্ত গ্ৰহণ কৰিলো ।" চলিহাই কয় ।

"পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ সকলো নাম মোহাৰি দিয়া হওক"- বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৃংখল চলিহাই সকলো দল-সংগঠনৰ লগতে ৰাইজক সামৰিক বাহিনীক সমৰ্থন প্ৰকাশ কৰিবলৈ আহ্বান জনায় চলিহাই । 

লগতে পঢ়ক: সকলোকে ঐক্যবদ্ধ হোৱাৰ অনুৰোধেৰে দেশৰ প্ৰতিৰক্ষা বাহিনীলৈ সহায়ৰ হাত দেৱব্ৰত শইকীয়াৰ - DEBABRATA SAIKIA

১০ মে’ৰ পৰা সকলো বিহু অনুষ্ঠান বাতিলৰ আহ্বান মুখ্যমন্ত্ৰীৰ - CM APPEALS TO CANCEL BIHU FUNCTION