শিলচৰ : শিলচৰত হৃদৰোগত আক্ৰান্ত হৈ পঞ্চায়ত নিৰ্বাচনৰ এদিন পূৰ্বে এজন পোলিং বিষয়াৰ মৃত্যু হয় । ভোটকেন্দ্ৰলৈ যোৱাৰ পূৰ্বেই পুৱা নিজ ঘৰতে মৃত্যু ঘটে বিষয়াজনৰ । মৃত পোলিং বিষয়াজন নৰুল হক চৌধুৰী (৫৫) বুলি জানিব পৰা হৈছে ৷ নৰুল চৌধুৰীৰ ঘৰ শিলচৰ হাইলাকান্দি ৰোডত । শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে এইবাৰৰ তেওঁক সোনাই নন্দিৰগ্ৰামৰ এটা ভোটকেন্দ্ৰৰ পোলিং বিষয়া হিচাপে দায়িত্ব প্ৰদান কৰিছিল প্ৰশাসনে ।
পুৱা নিজ ঘৰৰ পৰা শিলচৰ ৰামনগৰস্থিত আই এছ বি টি ষ্ট্ৰং ৰুমলৈ ভোটগ্ৰহণৰ সামগ্ৰী লৈ যোৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে হঠ্যৎ নিজ ঘৰতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে বিষয়াজনৰ । তেওঁৰ এই আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে, "মৃত নৰুল হক চৌধুৰী স্বাস্থ্য বিভাগৰ গ্ৰাম্য স্বাস্থ্য় পৰিদৰ্শক ৷ পুৱা নিৰ্বচনী কামত য়োৱাৰ সময়ত বুকুব বিষ হয় আৰু বাগৰি পৰে ৷ তেওঁক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷"
লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন; শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰত কিমান প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ভোটযুদ্ধত
শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; ভোটকেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণ কৰ্মী-বিষয়া