¡Sorpréndeme!

ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা

2025-04-14 0 Dailymotion

গুৱাহাটী : "অতিকে চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো; তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি, নেনাচি কেনেকৈ থাকো...।" হয়, এয়া ব'হাগৰ বতৰ । মন-প্ৰাণ উতলা কৰা বতৰ । তেনে বতৰত এবাৰনো নেনাচি কোনে থাকিব পাৰে ।

সঁচাকৈয়ে বিহুৱা-নাচনীৰ পৰা আৰম্ভ কৰি আবাল-বৃদ্ধ-বণিতা, সকলো এতিয়া ৰঙালীৰ ৰঙত ৰঙীন । অৱশ্যে বৰ্তমান ৰাজ্যত ৰঙালী বিহুৰ সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনৰো বা বলি আছে । সেয়ে ৰাজনৈতিক নেতা-কৰ্মীসকল বিহুৰ লগতে নিৰ্বাচনী প্ৰচাৰতো ব্যস্ত হৈ পৰিছে । কিন্তু তাৰ মাজতে সোমবাৰে এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাক । মুখত বিহুনাম আৰু ঢোলৰ ছেৱত হেঁপাহ পলুৱাই কঁকাল ভাঙি নাচিলে ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকীয়ে ।

"কুলিৰ কোমল মাত, দীঘলীয়া বাট, ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত..." মুখত এই বিহুনামৰ কলিৰ সমান্তৰালভাৱে নাচনী-বিহুৱাৰ সমানে সমানে কঁকাল ভাঙি নাচিলে মন্ত্ৰী অতুল বৰাই ।

মুখত নাই কোনো ৰাজনৈতিক ব্যস্ততাৰ চাপ, নাই কোনো দলীয় মতান্তৰ- তাৰ পৰিৱৰ্তে এটাই মাথোঁ প্ৰকাশ, ব'হাগৰ বতৰত নাচি যাওঁ এপাক ।

লগতে পঢ়ক :কিয় "গৃহবন্দী" কৰা হৈছিল পুৰুষোত্তম দাসক ! ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত’ শীৰ্ষক গীতটোৰ সৃষ্টিৰ আঁৰৰ কাহিনী - SHREEMOYI ASOMIR SITOL BUKUT UTHEলগতে পঢ়ক :ৰংজালি বৈশাগুৰ ৰঙেৰে ৰঙীন চিমেন চাপৰি - RONGJALI BWISAGU