¡Sorpréndeme!

ষষ্ঠ সংখ্যক পক্ষী গণনাক লৈ আশাবাদী গণনাকাৰী

2025-01-12 2 Dailymotion

কাজিৰঙা: কাজিৰঙাত আৰম্ভ হৈছে ষষ্ঠ সংখ্যক পক্ষী গণনা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাঁচটা বনাঞ্চলৰ শতাধিক বিল আৰু জলাশয়ত আৰম্ভ হয় ষষ্ঠ বিভাগীয় পক্ষী গণনা । এই গণনাত আৰ্দ্ৰভুমিৰ ওপৰত নিৰ্ভৰশীল জলাশয় পক্ষীৰ লগতে জলাশয়ৰ ওপৰত নিৰ্ভৰশীল বাকীবোৰ পক্ষীৰ প্ৰজাতিৰো গণনা কৰা হয় । অসমৰ বিভিন্ন স্থানৰ অভিজ্ঞ পক্ষী নিৰীক্ষক আৰু বন বিষয়াকে মুঠ ৪৮ গৰাকী গণনাকাৰীয়ে প্ৰথম দিনা পক্ষী গননাত অংশগ্ৰহণ কৰে । ৰাষ্ট্ৰীয় উদ্যানখনত ১১ তাৰিখে পুৱাৰে পৰা পক্ষী গণনা আৰম্ভ হয় ।  

সুচাৰুৰূপে সম্পন্ন হোৱা গণনাৰ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ লাওখোৱা বুঢ়াচাপৰিত ষষ্ঠ সংখ্যক পক্ষী গণনা সম্পন্ন হ'ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ কৰে । আনহাতে বিগত বৰ্ষৰ গণনাৰ সময়ত পোৱা গৈছিল ১০ টা দুৰ্লভ আৰু বিলুপ্তিপ্ৰায় পক্ষী । ইয়াৰে ভিতৰত Gul billed Turn দেশৰ ভিতৰত প্ৰথম দেখা পোৱা গৈছিল কাজিৰঙাত আৰু এইবাৰৰ গণনাতো তেনে কিছু দুৰ্লভ পক্ষী দেখা পোৱাৰ আশা কৰিছে স্থানীয় টুৰিষ্ট গাইড সকলে ।

লগতে পঢ়ক: পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া আৰম্ভ - KAZIRANGA NATIONAL PARK

পৰিভ্ৰমী পক্ষীৰে জাতিষ্কাৰ লাওঁখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য - Samaguri News